২০ আগষ্টৰ পুৱা চিভিল লাইনত থকা চৰকাৰী বাসগৃহত “জন সুনৱাই” কাৰ্যসূচীত অংশ লোৱাৰ সময়ত দিল্লী মুখ্যমন্ত্ৰী ৰেখা গুপ্তা বুলি জানিব পৰা গৈছে। দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সাচদেৱে জনোৱা অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে মূৰত লঘু আঘাত পাইছে। অভিযুক্তই নিজৰ পৰিচয় ৰাজকোট নিবাসী ৰাজেশ ভাই খিমজী ভাই সকাৰিয়া ৰূপে দিয়ে তেওঁৰ মাতৃ ভানুবেন সকাৰিয়াই আৰক্ষীক জনাই যে তেওঁৰ পুত্ৰ অটোৰিক্সা চালক তথা কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়। উচ্চতম ন্যায়ালয়ৰ অঘৰী কুকুৰক স্থানান্তৰ কৰাৰ যি ৰায় তাৰ প্ৰতিবাদত তেওঁৰ পুত্ৰ ৰাজেশ ভাই খিমজী ভাই সকাৰিয়া দিল্লীলৈ গৈছিল।