২০ আগষ্টৰ পুৱা মথুৰাৰ জয়পুৰ-বেৰেইলী ঘাইপথত এখন টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে। ৰায়াৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ অভিমুখে যোৱা ৰাসায়নিক দ্ৰব্য থকা টেংকাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই মনোহৰপুৰ গাঁওৰ সমীপত বাগৰি পৰাৰ লগে-লগে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ পাঁচখন বাহন আৰু শোধনাগাৰৰ দল সেই স্থানত উপস্থিত হয়। জুই ইমানেই তীব্ৰ আছিল যে টেংকাৰখনৰ এটা টেংক ফাটি যায়। জুই নিয়ন্ত্ৰণ কৰিবলৈ গৈ মন্ত এফ এছ অ’ কিষাণ সিং আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক ছাকিৰ অগ্নিদগ্ধ হয়।