ICC মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ বাবে BCCI য়ে ভাৰতীয় মহিলা ক্ৰিকেট দলক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে। ১৫ জনীয়া সদস্যৰ নাম ঘোষণা কৰা হৈছে। স্মৃতি মান্ধানাই সহ-অধিনায়কৰ দায়িত্ব পালন কৰিবলগীয়া এই দলটোৰ অন্যান্য ক্ৰিকেটাৰসকল হৈছে ক্ৰমে প্ৰতিকা ৰাৱাল, হৰলিন দেওল, দীপ্তি শৰ্মা, জেমিমাহ ৰড্ৰিগেছ, ৰেনুকা সিং ঠাকুৰ, অৰুন্ধতী ৰেড্ডী, ৰিচা ঘোষ, ক্ৰান্তি গৌড়, অমনজোত কৌৰ, ৰাধা যাদৱ, শ্ৰী চৰাণী, যস্তিকা ভাটিয়া আৰু স্নেহ ৰাণা। ২০২৫ ৰ মহিলা এদিনীয়া বিশ্বকাপৰ পূৰ্বে অভিজ্ঞ পেচাৰ ৰেনুকা সিং আৰু মূল অল-ৰাউণ্ডাৰ অমনজোত কৌৰে নিজৰ ফিটনেছ ঘুৰাই পোৱাতো এক ইতিবাচক খবৰ।ৰিজাৰ্ভ খেলুৱৈ ৰূপে অন্তৰ্ভূক্ত হোৱা খেলুৱৈসকল হ’ল ক্ৰমে তেজল হাছাবনিছ, প্ৰেমা ৰাৱত, প্ৰিয়া মিশ্ৰ, উমা চেত্ৰী, মিন্নু মণি, সয়ালি সাতঘৰে।













