১৯ আগষ্ট তাৰিখেও মুম্বাই আৰু ইয়াৰ কাষৰীয়া জিলাসমূহত প্ৰচণ্ড বৰষুণৰ ফলত ব্যাপক পানী জমা হোৱা দৃষ্টিগোচৰ হৈছে। যোৱা ৫ দিনৰ ভিতৰত মহাৰাষ্ট্ৰত ২১ জনৰ প্ৰাণহানি। একাধিক স্থানীয় ৰেলৰ চলাচল বাতিল কৰাৰ লগতে বিমান সেৱাৰ সময়ো মাত্ৰাধিক বৰষুণৰ বাবে সলনি কৰিব লগা হৈছে। ১৫ ঘণ্টা ধৰি ৰখাই থোৱা হাৰ্বাৰ লাইন পুনৰুদ্ধাৰ কৰিবলৈ প্ৰশাসন সক্ষম হৈছে।