স্বাস্থ্য সঞ্চালকালয়ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি যোৱা ৪ আগষ্টত মধুমেহ ৰোগত আক্ৰান্ত ৰোগীজনক খোজ কঢ়াত তীব্ৰ অসুবিধা আৰু ভাৰসাম্য হেৰুৱাৰ বাবে চিকিৎসা সেৱা প্ৰদানৰ বাবে নিয়া হৈছিল। আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয় (এজিএমচি) আৰু ত্ৰিপুৰাৰ জিবি পন্ত চিকিৎসালয়ৰ স্নায়ু বিজ্ঞান বিভাগৰ চিকিৎসকৰ যুটীয়া প্ৰচেষ্টাই ৰোগীজনৰ জীৱনত নতুন আশাৰ সঞ্চাৰ কৰে।সহকাৰী অধ্যাপক ডাঃ অবিৰ লাল নাথ আৰু স্নায়ু বিশেষজ্ঞ ডাঃ অৰ্পণ মিত্ৰই ক্ৰনিক ইনফ্লেমেটৰী ডিমাইলিনেটিং পলিনিউৰ’পেথী (চি আই ডি পি) প্ৰট’কলৰ অধীনত এম আৰ আই স্পাইন আৰু এন চি ভি পৰীক্ষা সম্পন্ন কৰিছিল। ৰোগীজনৰ স্বাস্থ্যৰ অৱনতিৰ বাবে চিকিৎসকে পলম নকৰাকৈ ইণ্ট্ৰাভেনাছ ইমিউন’গ্ল’বিউলিন (আইভিআইজি) থেৰাপী প্ৰদান কৰিবলৈ বাধ্য হৈছিল। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বিনামূলীয়াকৈ প্ৰায় ৩ লাখ টকাৰ এই ব্যয়বহুল ঔষধ তেখেতক দিয়া হয়। ফিজিঅ’থেৰাপিৰ সহায়ত ৰোগীজনে ক্ৰমান্বয়ে শক্তি আৰু গতিশীলতা ঘূৰাই পালে আৰু কিছুদিনৰ ভিতৰতে সহায় সহযোগিতাৰে থিয় হৈ খোজ কাঢ়িবলৈ সক্ষম হ’ল।