Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ৫ আগষ্টৰ পৰা ছত্তিশগড়ত অনুষ্ঠিত চি বি এছ ই ৰ ৰাষ্ট্ৰীয় ফাৰ ইষ্ট জ’ন জুডো চেম্পিয়নশ্বিপত পদক অৰ্জন কৰা ৩ গৰাকী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

যোৱা ৫ আগষ্টৰ পৰা ছত্তিশগড়ত অনুষ্ঠিত চি বি এছ ই ৰ ৰাষ্ট্ৰীয় ফাৰ ইষ্ট জ’ন জুডো চেম্পিয়নশ্বিপত পদক অৰ্জন কৰা ৩ গৰাকী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :12

চতিয়াৰ পহুচোৱা গাঁৱৰ হৃদয়ানন্দ দাস আৰু পূজা দেউৰীৰ কন্যা ভূমিষ্ঠা দাসে সোণৰ পদক, বিশ্বনাথৰ দেবাৰ্পণ মেধীয়ে ব্ৰঞ্জৰ পদক আৰু চতিয়াৰ ক্ৰীড়া সন্থাৰ সভাপতি সৰোজ বৰাৰ পুত্ৰ অংশুমান বৰাই ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ অসম তথা চতিয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চত্তিশগড়ৰ পৰা আজি তিনিওজন আহি চতিয়া পোৱাৰ লগে লগে চতিয়াৰ চেম্পিয়নচ্‌ মেকাৰ একাডেমীত চতিয়াবাসী ৰাইজৰ উপস্থিতিত তিনিওকে উষ্ম আদৰণি জনোৱা অনুষ্ঠানত উপস্থিত থাকি অতি গৌৰৱান্বিত অনুভৱ কৰা বুলি বিধায়ক পদ্ম হাজৰিকাই সদৰি কৰে।

তিনিও গৰাকী খেলুৱৈৰ সফলতাত তেখেতে দৃঢ় বিশ্বাসী যে স্থানীয় খেলুৱৈসকলে এই সফলতাৰ পৰা প্ৰেৰণা লৈ খেলক পেছা হিচাপে লʼবলৈ আগ্ৰহী হʼব। আটাইকেইজন খেলুৱৈৰ উজ্জ্বল ভৱিষ্যত কামনাৰে তেখেতে আশীৰ্বাদ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts