অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ বিখ্যাত শ্বেল্ডনিয়ান থিয়েটাৰৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্যকে তথা বিশ্ববিখ্যাত পণ্ডিত শিক্ষক আৰু গৱেষক উপস্থিতত ২১ বছৰীয়া অৰণীয়ে সন্মানীয় স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। হলি চাইল্ড উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী অৰণীয়ে দ্বাদশ শ্ৰেণী সুখ্যাতিৰে উত্তীৰ্ণ হৈ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অতি সন্মানীয় আৰু তীব্ৰ প্ৰতিযোগিতামূলক চাইমন এণ্ড জুন লী আন্দাৰগ্ৰেজুৱেট স্কলাৰশ্বিপ লাভ কৰি অক্সফৰ্ডৰ স্নাতক পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত হয়। তেওঁৰ গৱেষণা পত্ৰখনৰ বিষয় আছিল অসমৰ বিশ্বখ্যাত নদীদ্বীপ মাজুলীত অৱস্থিত মহাপুৰুষ শংকৰদেৱ প্ৰতিষ্ঠিত দক্ষিণপাট সত্ৰত উপলব্ধ পোন্ধৰ শতিকাৰ সাঁচিপাতৰ পাণ্ডুলিপিৰ এক নিৰ্দ্দিষ্ট সময়ৰ আৰু লেখকৰ ৰচনাৰ প্ৰামাণিকৰণ ( Standardization)। ছাত্ৰীগৰাকীৰ মাতৃ জনপ্ৰিয় ফেংছুই-বাস্তু পৰামৰ্শদাতা আৰু সুকবি সুদক্ষিণা ভূঞা আৰু পিতৃ জ্যেষ্ঠ সাংবাদিক, লেখক-অনুবাদক তথা দ্য আসাম ট্ৰিবিউন কাকতৰ সহকাৰী সম্পাদক পাৰ্থপ্ৰতিম হাজৰিকা ।