Email :11
মিংবী বৰফুকনে ভাৰতক প্ৰতিনিধিত্ব কৰি জৰ্জিয়াৰ বাটুমিত অনুস্থিত কিয়াংশ্বুৰ ইভেন্টত অংশ গ্ৰহণ কৰি চমকপদ প্ৰদৰ্শনেৰে দেশৰ হৈ তিনিটা ইভেন্টত তিনিটাকৈ সোণৰ পদক অৰ্জন কৰি সমগ্ৰ চতিয়াৰ লগতে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে। মিংবীক তেওঁৰ গেৰেকীস্থিত বাসগৃহত আদৰণি জনাই অভিনন্দন আৰু আৰ্শীবাদ দিয়াৰ সময়ত বিধায়ক পদ্ম হাজৰিকাৰ লগত থাকে বিশ্বনাথ সমষ্টিৰ প্ৰাক্তণ অগপৰ বিধায়ক প্ৰবীণ হাজৰিকা, চতিয়াৰ পৌৰপতি দীপশিখা সন্দিকৈ, চতিয়া ৩ নং গাওঁ পঞ্চায়তৰ সভাপতি উদয় শংকৰ শইকীয়া, শোণিতপুৰ জিলা পৰিষদৰ উপ-সভাপতি হিতেশ বৰুৱা, চতিয়া পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ কেইবাগৰাকীও সদস্য লগতে স্থানীয় গণ্য-মান্য ব্যক্তিসকল আৰু মিংবীৰ সফলতাত উৎফুল্লিত গাওঁবাসী ।