Email :16
বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে উত্তৰাখণ্ডৰ ৰাজ্যৰ কেইবাখনো জিলাত মুষলধাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰি ৰাখিছে। ৬ আগষ্ট তাৰিখেও প্ৰচণ্ড বৰষুণৰ ফলত বানাক্ৰান্ত ধৰালীত মৃত্যুৰ সংখ্যা ৫জনলৈ বৃদ্ধি হোৱাৰ লগতে এতিয়াও সেনাবাহিনীৰ ৯ জন জোৱান সন্ধানহীন হৈ আছে। খহনীয়া আৰু ক্ষন্তেকীয়া বানপানীৰ বাবে বহু ব্যক্তিয়েই ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে কথা পাতি সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে।