Email :21
প্ৰাপ্ত তথ্য অনুসৰি যোৱা ২৯ জুলাইত উত্তৰ গুৱাহাটীৰ ৰাজধানী থিয়েটাৰৰ আখৰাৰ পৰা আৰক্ষীয়ে অভিনেত্ৰী নন্দিনী কাশ্যপক জিম্মাত লৈ পানবজাৰস্থিত সদৌ মহিলা আৰক্ষী থানাত সোধা-পোছাৰ বাবে আনে। এতিয়ালৈকে এয়া কোনো আনুষ্ঠানিক গ্ৰেপ্তাৰ প্ৰক্ৰিয়া নহয় যদিও আৰক্ষীয়ে নিশ্চিত কৰিছে যে তদন্তৰ অংশ হিচাপে অভিনেত্ৰীগৰাকীক জেৰাৰ বাবে আটক কৰা হৈছে। প্ৰত্যক্ষ্যদৰ্শীসকলে জনোৱা অনুসৰি অভিনেত্ৰীগৰাকীৰ তীব্ৰ বেগে অহা গাড়ীখনে এজন যুৱকক খুন্দা মাৰে। এই ঘটনাৰ ৪ দিনৰ পিছত যুৱকজনৰ এপ’ল’ হাস্পতালত মৃত্যু ঘটে।