মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তামুলপুৰৰ এই স্বীকৃতি লাভৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা দলটোৰ সদস্যসকলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে।
বডোলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)ত অৱস্থিত তামুলপুৰে নিটি আয়োগৰ স্বাস্থ্য আৰু পুষ্টি, শিক্ষা, কৃষি আৰু জলসম্পদ, বিত্তীয় অন্তৰ্ভুক্তি আৰু দক্ষতা বিকাশ, আৰু আন্তঃগাঁথনি উন্নয়নৰ দৰে জটিল খণ্ডসমূহৰ ৪০ টা মুখ্য বিষয় সামৰি হোৱা মূল্যাংকনত ভাল প্ৰদৰ্শন কৰি নীতি আয়োগৰ দ্বাৰা সমাদৃত হৈছে।













