৭৭ তম গণৰাজ্য দিৱস উপলক্ষে ঐতিহাসিক চতিয়া থানাত পতাকা উত্তোলন নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ। এই ক্ষণটিত মনৰ অনুভৱ প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয় যে তেখেতে স্বাধীন ভাৰতীয় হোৱাৰ গৌৰৱ যেন পুনৰ এবাৰ অনুভৱ কৰিছে। চতিয়াবাসী ৰাইজলৈ বিশেষ দুটা সুখবৰ দি ব্যক্ত কৰে যে চতিয়াত ১৬ কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ইনড’ৰ ষ্টেডিয়ামৰ টেণ্ডাৰ সম্পূৰ্ণ হৈ গৈছে আৰু কিছুদিনৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ হ’ব। লগতে পুলিচ থানাৰ কাষৰ পথটোৰ ইটাখোলাৰ পৰা সীমা নিৰ্ধাৰণৰ পিছত নিৰ্মাণ যিহেতু তেৱাৰীপাললৈ সম্পূৰ্ণ হৈছে; পানপুৰ বিশ্বনাথ মথাউৰি ষষ্ঠ সংযোজনলৈ ৮০ কৌটি টকাৰ ৰাস্তাটোৱে আবন্টন লাভ কৰিছে তথা নিৰ্মাণ কাৰ্যও শীঘ্ৰেই আৰম্ভ কৰা হ’ব।













