Email :10
ডিমা হাছাওৰ উমৰাংছ’ত উদীয়মান ক্ৰিকেট প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এই ষ্টেডিয়ামটোয়ে এক নতুন যুগৰ সূচনা কৰিব। এই ষ্টেডিয়ামখনত প্ৰায় ১৫,০০০ ক্ৰিকেট অনুৰাগীৰ গেলেৰীত বহি খেলৰ আনন্দ লোৱাৰ সুবিধা আছে। অনুশীলনৰ বাবে ৫ খনকৈ পিটচৰ ব্যৱস্থা আছে। কাৰ্যক্ষম হ’লেই এই ষ্টেডিয়ামত অসম ক্ৰিকেট সন্থা আৰু বি চি চি আইৰ অধীনত ঘৰুৱা খেল অনুষ্ঠিত হ’ব।












