প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত গঠিত হোৱা কেবিনেট কমিটী অন ইকনমিক এফেয়াৰ্ছে অসমৰ গহপুৰ (ৰাষ্ট্ৰীয় ঘাইপথ ১৫) আৰু নুমলীগড় (ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫)ৰ মাজত ৪ লেনযুক্ত প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণফিল্ড কৰিড’ৰ নিৰ্মাণৰ বাবে অনুমোদন দিছে, য’ত ব্ৰহ্মপুত্ৰৰ তলেদি ভাৰতৰ প্ৰথমটো পানীৰ তলৰ পথ-কম-ৰে’ল সুৰংগ ১৮,৬৬২ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব। ইয়াৰ দৈৰ্ঘ্য হ’ব ১৫.৭৯ কি.মি. এই প্ৰকল্প সম্পূৰ্ণ হ’লে যাত্ৰীসকলৰ ভ্ৰমণ কৰোতে সময় ৰাহি হোৱাৰ উপৰিও প্ৰত্যক্ষ তথা পৰোক্ষভাৱে নিয়োগ সৃষ্টি কৰিবলৈ ই সক্ষম হ’ব বুলি আশা কৰা হৈছে।











