শ্বহীদসকলৰ স্মৃতি ৰোমন্থন কৰি শ্বহীদ দিৱসৰ প্ৰাকমুহূৰ্তত অৰ্থাৎ ৯ ডিচেম্বৰত নদুৱাৰ সমষ্টিত ভাৰতীয় জনতা যুৱ মৰ্চা তথা অসম আন্দোলন সতীৰ্থ মঞ্চৰ সহযোগত শ্বহীদ পৰিয়াললৈ সম্বৰ্ধনা জনোৱা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। তেখেতে নিজৰ বক্তব্যত প্ৰকাশ কৰে যে- শ্বহীদসকলৰ লগতে তেওঁলোকৰ পৰিয়াল আমাৰ বাবে সদায় এক গৌৰৱ আৰু আমি তেওঁলোকৰ ওচৰত সদায় সাহস হৈ থাকিম।













