ছিক্কিমৰ মংগন জিলাৰ টুং–নগা পথ ৩ জানুৱাৰীত যান-বাহনৰ চলাচলৰ বাবে পুনৰ মুকলি হোৱাত স্থানীয় ৰাইজে সকাহ লাভ কৰিছে। চুংথাং অভিমুখী পথত সৰ্বাধিক ২০ টন বোজা কঢ়িওৱা সকলো বাহন চলাচল কৰিব পাৰিব। বিষয়াসকলে ৰিচুৰ বেইলী দলঙৰ বোজা বহন ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি জনাইছে। মটৰচাইকেল আৰোহী আৰু পৰিবহণ অপাৰেটৰসকলক সুৰক্ষা নিশ্চিত কৰাৰ লগতে আন্তঃগাঁথনিৰ ক্ষতি ৰোধ কৰিবলৈ নিৰ্ধাৰিত বোজাৰ সীমা কঠোৰভাৱে মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে।













