আজি মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ইছৰ’ৰ আন এক ঐতিহাসিক সফলতা, এলভিএম ৩ ৰকেটৰ সহায়ত ভাৰতৰ পৰা প্ৰক্ষেপিত সৰ্বাধিক গধুৰ উপগ্ৰহ ব্লুবাৰ্ড ব্লক-২ ক পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন। আজি ৬.৫ টন ওজনৰ উপগ্ৰহটো ৫২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৃত্তাকাৰ কক্ষপথত স্থাপন কৰা হৈছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সফলতাৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থালৈ অভিনন্দন জ্ঞাপন কৰি কয় যে হেভি-লিফ্ট এলভিএম৩ ৰকেটৰ সফলতাই বিশ্বব্যাপী বাণিজ্যিক উৎক্ষেপণৰ বজাৰতো ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাক অধিক শক্তিশালী কৰি তুলিছে।













