আজি জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হয় নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। তেখেতে সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ শোকতপ্ত পৰিয়ালৰ লোকসকললৈ সমবেদনা জ্ঞাপন কৰে। বিধায়কগৰাকীৰ সৈতে গৰুখুঁটি কৃষি প্ৰকল্পৰ চিইঅ’ উদিপ্ত গৌতম, অভিনেতা দেবানন্দ শইকীয়া আৰু প্ৰকল্পৰ কৃষি সৈনিকসকল উপস্থিত থাকে। লগতে বিধায়কগৰাকীয়ে গৰুখুঁটি কৃষি প্ৰকল্পৰ সমূহ কৰ্মকৰ্তাৰ হৈ এখনি স্মাৰক সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গক প্ৰদান কৰে। ইয়াৰোপৰি আজি নিৰ্মীয়মান অৱস্থাত থকা জুবিন গাৰ্গৰ সোণাপুৰস্থিত সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰাৰ উপৰিও বিধায়ক পদ্ম হাজৰিকাই সমাধি ক্ষেত্ৰত অসমীয়াৰ স্বভিমান এখনি গামোচা দি জুবিন গাৰ্গৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।













