আজি পুৱা গমিৰিপাল মিলন জ্যোতি যুৱ সংঘৰ উদ্যমী সদস্যসকলে সাক্ষাৎ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক। তেওঁলোকে সমাজৰ হিতৰ বাবে মনলৈ অহা কিছু নতুন চিন্তা-চৰ্চা তথা পৰিকল্পনা সন্দৰ্ভত বিধায়কগৰাকীৰ সৈতে আলাপ আলোচনাত মিলিত হয়। তেখেতসকলক এই ইতিবাচক চিন্তাধাৰাৰে যুৱ শক্তিক একত্ৰিত কৰি শৈক্ষিক, সামাজিক, তথা সাংস্কৃতিক দিশত আগবঢ়াই নিবলৈ পৰামৰ্শ দিয়ে সমষ্টিটোৰ বিধায়কগৰাকীয়ে। উক্ত যুৱ সংঘই সমাজৰ হিতৰ বাবে কৰা কামসমূহলৈ সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাসো দিয়ে।













