অসমৰ ডিব্ৰুগড় জিলাত চি-১৩০জে বিমানেৰে উত্তৰ-পূবৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ (ই এল এফ) ত সফল অবতৰণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। চাবুৱা বায়ুসেনা ষ্টেচনৰ পৰা প্ৰধানমন্ত্ৰীয়ে পুনৰ উৰা মাৰে ৰাষ্ট্ৰীয় মৰাণত নতুনকৈ নিৰ্মাণ কৰা ই এল এফত অৱতৰণ কৰাৰ লগে-লগে এক নতুন ইতিহাসৰ সূচনা হয়। ১০০ কোটি টকাৰ এই প্ৰকল্পটো এক বহুমুখী ৰানৱে ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান আৰু পৰিবহণ বিমান পৰিচালনা কৰিবলৈ সক্ষম হ’ব।











