আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি), অতিৰিক্ত ডিজিপি (চিআইডি), মুখ্য সচিব, আৰু অন্যান্য জ্যেষ্ঠ বিষয়াৰ সৈতে হোৱা উচ্চ পৰ্যায়ৰ বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি অৱগত কৰে যে জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ তদন্তৰ বাবে এছআইটি অসম আৰক্ষীৰ শ্ৰেষ্ঠ বিষয়াৰে গঠিত হ’ব আৰু সম্পূৰ্ণ পেছাদাৰী সততাৰে গোচৰটোৰ তদন্তৰ প্ৰক্ৰিয়াক আগবঢ়াই নিয়া হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৈ কয় যে শিল্পীগৰাকীৰ আকস্মিক মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত কাকো ৰেহাই দিয়া নহ’ব।













