পৰিচালক, গীতিকাৰ আদি বিভিন্ন ৰূপত টিমথি দাস হান্সেৰ নিজৰ সৃজনীশীল প্ৰতিভাৰে অসমৰ বোলছবি জগতখন সমৃদ্ধ কৰি গৈছে। মৃত্যুৰ সময়ত বয়স আছিল ৭০ বছৰ। ২০০৯ চনত মুক্তি লাভ কৰা ‘জীৱন বাটৰ লগৰী’ তেখেতৰ এখন অন্যতম বোলছবি আছিল। ‘পলে পলে উৰে মন’, ‘পাহাৰী কন্যা’ আদি চিনেমাৰ বাবেও তেখেতে ৰাইজৰ দ্বাৰা সমাদৃত হৈছিল। জুবিন গাৰ্গে কণ্ঠদান কৰা ‘যদি জীৱনৰ ৰঙবোৰে লুকা-ভাকু খেলে’ এই গীতটিৰ গীতিকাৰ আছিল প্ৰয়াত টিমথি দাস হান্সে।













