ঘড়ীৰ জাপানীজ মিয়োটা প্ৰযুক্তিৰ সহায়ত জয়পুৰ ঘড়ী কোম্পানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে নিৰ্মাণ কৰা ৪৩ মিমি ষ্টেইনলেছ ষ্টীলৰ এই ঘড়ীটোক ‘ৰোমান বাঘ’ নাম দিয়া হৈছে। ইয়াত খোজকাঢ়ি যোৱা বাঘৰ প্ৰতিচ্ছবি সংলগ্ন কৰা হৈছে, ই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগতে জাতিটোৰ “মেক ইন ইণ্ডিয়া” পদক্ষেপৰ প্ৰতীকস্বৰূপ। এই ঘড়ীটোৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ লগত সংযুক্ত হৈ থকা ১৯৪৭ চনৰ এটি বিৰল এক টকীয়া মুদ্ৰা। আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী প্ৰধানমন্ত্ৰী মোদীৰ ৰুচিবোধেও সকলোকে তেখেতৰ চৰ্চা কৰিবলৈ আগ্ৰহী কৰি তোলে।













