অসম চৰকাৰলৈ চতিয়াবাসী ৰাইজে এক বিশেষ আহ্বান জনাই আহিছিল – “মূলাগাভৰুৰ মৈদামক স্বীকৃতি প্ৰদান।” অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি মৈদামখনলৈ স্বীকৃতিসহ চলাহলাস্থিত মৈদামৰ সীমাৰ বেৰ নিৰ্মাণৰ বাবে দিয়া ৪০ লাখ টকাৰে আজি সীমাৰ বেৰ নিৰ্মাণৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি সন্তুষ্টি ব্যক্ত কৰি কয় যে অসমৰ ঐতিহ্যৰ চানেকি বহন কৰা মৈদামখনি সুৰক্ষিত ৰাখিবলৈ অসম চৰকাৰে যি যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া প্ৰশংসনীয়।













