কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সন্মুখীন হৈ অহা সমস্যাসমূহৰ ভিতৰত অন্যতম আছিল যানবাহন চলাচলে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুৰ অহা-যোৱাত সৃষ্টি কৰা প্ৰাণৰ সংশয়। এই সমস্যাৰ সমাধানৰ বাবে কাজিৰঙা এলিভেটেড কৰিড’ৰৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কলিয়াবৰত উপস্থিত হৈ কাজিৰঙা এলিভেটেড কৰিড’ৰৰ মডেল পৰ্যবেক্ষণ কৰাৰ লগতে ভূমি পূজন সম্পন্ন কৰে। এই ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬,৯৫০ কোটি টকাৰ ব্যয় সাপেক্ষে কৰিড’ৰটোৱে জীৱ-জন্তুৰ সুৰক্ষিত অহা-যোৱাত সহায়ক হ’ব বুলি আশা কৰা হৈছে। জনসভাক সম্বোধন কৰি দিয়া ভাষণত দুবছৰ পূৰ্বে কাজিৰঙা ভ্ৰমণৰ অভিজ্ঞতা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখ কৰে “দুবছৰৰ পূৰ্বে কাজিৰঙাত অতিবাহিত কৰা মোৰ সেই সময় জীৱনৰ বহুত বিশেষ অনুভৱৰ সৈতে যোগ হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নৈশ যাপন কৰাৰ সুবিধা পাইছিলোঁ আৰু পিছদিনা পুৱা হাতী ছাফাৰীৰৰ সহায়ত সেই ক্ষেত্ৰৰ সুন্দৰতাক অনুভৱ কৰিছোঁ। মোৰ সদায় অসমলৈ আহি বেলেগ আনন্দ লাগে। এই ভূমি বীৰৰ ভূমি!”













