চাইবাৰ সুৰক্ষা, তথা চাইবাৰৰ মাধ্যমত সংঘটিত বিত্তীয় জালিয়াতি ৰোধ কৰিবলৈ সচেতনতা বৃদ্ধি কৰা উদেশ্যে ৰাষ্ট্ৰীয় সামৰ্থ্য বিকাশ কৰ্মশালা অনুষ্ঠিত কৰে। আইন প্ৰয়োগকাৰী সংস্থা, নাগৰিক সমাজ, আৰু উদ্যোগৰ অংশীদাৰসকলক চাইবাৰ জালিয়াতি ৰোধৰ বাবে ল’বলগীয়া পদক্ষেপসমূহৰ চৰ্চা কৰা হয়। আলোচনাৰ বিষয় আছিল ‘চাইবাৰ ফাৰ্ষ্ট ৰেচপণ্ডাৰ’ বিকশিত কৰা আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰি তোলা।













