জামুগুৰিহাটৰ ধলাইবিল-নাহৰবাৰী পথাৰৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা ২০২৬ ৰ ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনখন সুচাৰুৰূপে আয়োজন কৰিবলৈ এতিয়া প্ৰস্তুতি ক্ষিপ্ৰ গতিৰে চলি আছে। এই অধিৱেশনত ৰাইজৰ বাবে গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হ’ব; যোৱা ২৯ ডিচেম্বৰত সেই সন্দৰ্ভত উপ-সমিতিয়ে অনুষ্ঠিত কৰা সভাখনত অংশগ্ৰহণ কৰি পৰিকল্পনাসমূহৰ সামগ্ৰিক অগ্ৰগতি এক আভাস ল’লে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। সদস্যসকলৰ সৈতে মতবিনিময় কৰি তেওঁলোকক উৎসাহ যোগাবলৈ বিধায়কগৰাকীয়ে প্ৰয়াস কৰে। কৰ্মকৰ্তাসকলে নিষ্ঠাৰে একত্ৰিত হৈ কৰা প্ৰয়াস দেখি তেখেতে এক বক্তব্যত কয় তেখেত আশাবাদী যে এইখন এখন অন্যতম স্মৰণীয় অধিৱেশন হৈ ৰ’ব।













