Email :15
The Carriage of Goods by Sea Bill, 2025 ৰাজ্যসভাৰ উপ-সভাপতি বহি ভূৱনেশ্বৰ কলিতাই গৃহীত কৰে। ইয়াৰ পূৰ্বে বিলখন লোকসভাত গৃহীত হৈছিল। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মত প্ৰকাশ কৰি কয় যে এই বিল গৃহীত হোৱাই এইটো কথাৰ ইংগিত বহন কৰে যে মোদী চৰকাৰে সাগৰীয় পথেৰে বাণিজ্যৰ আধুনিকীকৰণৰ পোষকতা কৰে। মাৰ্চেণ্ট শ্বিপিং বিল, ২০২৪ ৰ উদ্দেশ্য হৈছে ১৯৫৮ চনৰ পুৰণি মাৰ্চেণ্ট শ্বিপিং আইনখনৰ পৰিৱৰ্তে এক প্ৰগতিশীল, ভৱিষ্যতৰ বাবে আইন প্ৰস্তুত কৰা যি ভাৰতক সমগ্ৰ বিশ্বৰ সৈতে খাপ খুৱাই সামুদ্ৰিক বাণিজ্যৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলাত সহায় কৰিব।