গুৱাহাটীলৈ আহি কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত নিশা কটাব অমিত শ্বাহে। সোমবাৰে তেখেতে অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। গুৱাহাটীৰ পৰা গৃহমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা থানলৈ গৈ বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প মুকলি কৰিব। উভতি আহি গুৱাহাটী আৰক্ষী আয়ুক্তৰ নতুন ভৱনৰ লগতে মহানগৰীৰ নিৰাপত্তা আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে এক সংহত আদেশ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা (আই চি চি এছ) উদ্বোধনৰ লগতে ৫ হাজাৰ দৰ্শকৰ আসনৰ ক্ষমতা থকা গুৱাহাটীৰ এটি নতুন প্ৰেক্ষাগৃহ জ্যোতি বিষ্ণু সাংস্কৃতিক কমপ্লেক্স তেখেতে মুকলি কৰিব।













