নিযুত মইনা আঁচনিৰ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি আজি সমগ্ৰ অসমত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল নিযুত মইনা ২.০ আঁচনি। ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ হৰ কান্ত গগৈ সোঁৱৰণী মঞ্চৰ প্ৰেক্ষাগৃহত ৮৬২ গৰাকী ছাত্রীলৈ মুখ্যমন্ত্ৰীৰ “নিযুত মইনা ২.০ আঁচনিৰ” চেকসমূহ প্ৰদান কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই অনুষ্ঠানত উপস্থিত থাকে নদুৱাৰ সমজিলাৰ সমআয়ুক্ত মানস শইকীয়া, ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকা প্ৰমুখ্যে কৰি ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক/ অধ্যাপিকাৰ লগতে ছাত্ৰীসকল।













