Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ২৬ অক্টোবৰত নদুৱাৰৰ পকামূৰা পথাৰত “মেগা স্বাস্থ্য মেলা” শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

২৬ অক্টোবৰত নদুৱাৰৰ পকামূৰা পথাৰত “মেগা স্বাস্থ্য মেলা” শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :25

সাধাৰণ ৰাইজৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সচেতনতা বৃদ্ধি কৰা, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আদি ৰাইজৰ বাবে উপলব্ধ কৰাবলৈ নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত আজি “মেগা স্বাস্থ্য মেলাৰ” সফলভাৱে আয়োজন কৰা হয়৷ পুৱাই এই স্বাস্থ্য মেলা শুভ উদ্ধোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা৷ সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা ৰোগীসকল আহি এই স্বাস্থ্য মেলাত অংশগ্ৰহণ কৰে। প্ৰায় ৫০ গৰাকী অভিজ্ঞ চিকিৎসকে বিভিন্ন ৰোগৰ ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়াইছে। এই অনুষ্ঠানত ১৮ বছৰৰ তলৰ শিশু, কিশোৰ-কিশোৰীৰ বৃক্ক, স্নায়ু, হাৰ্ট, চকু, নাক, কাণ, আদি বিভিন্ন ৰোগৰ চিকিৎসা প্ৰদান লগতে পৰীক্ষা কৰি চিকিৎসসকলে ঔষধ প্ৰদান কৰিছে। এই স্বাস্থ্য মেলাত সমষ্টিটোৰ প্ৰায় দহ সহস্ৰাধিক ৰোগীয়ে অংশগ্ৰহণ কৰিছে৷ জটিল ৰোগত আক্ৰান্তসকলক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts