সহস্ৰাধিক অনুৰাগী, নেতা, তথা সাংস্কৃতিক জগতৰ বিভিন্ন ব্যক্তিৰ উপস্থিতিত ২৩ চেপ্তেম্বৰ ২০২৫ তাৰিখে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সোণাপুৰৰ চৰকাৰী আবণ্টিত ভূমিত সম্পন্ন। ইয়াৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয়বাৰৰ বাবে শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়। কণ্ঠশিল্পীগৰাকীৰ কনিষ্ঠ ভগ্নী পালমী বৰঠাকুৰে ঘনিষ্ঠ সহযোগী অৰুণ গাৰ্গ আৰু ৰাহুল গৌতম শৰ্মাৰ সৈতে শেষকৃত্য সম্পন্ন কৰে। ছিংগাপুৰত ১৯ চেপ্তেম্বৰ ২০২৫ তাৰিখে অকাল মৃত্যু সাৱটি লোৱা জুবিন গাৰ্গৰ, মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৫২ বছৰ।













