ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সেছে আলফ্ৰেড নোবেলৰ স্মৃতিত ২০২৫ চনৰ অৰ্থনৈতিক বিজ্ঞানৰ স্বেৰিজেছ ৰিক্সবেংক বঁটা জোৱেল মকিৰ, ফিলিপ আঘিয়ন আৰু পিটাৰ হাউইটক প্ৰদানৰ কথা ঘোষণা কৰিছে। উদ্ভাৱন-চালিত অৰ্থনৈতিক বৃদ্ধিৰ ব্যাখ্যা দিয়াৰ বাবে তিনিগৰাকীলৈ এই বঁটা আগবঢ়োৱা হৈছে। পুৰস্কাৰৰ আধা অংশ জোৱেল মকিৰলৈ আগবঢ়োৱা হ’ব; প্ৰযুক্তিগত অগ্ৰগতিৰ জৰিয়তে স্থায়ী বৃদ্ধিৰ পূৰ্বচৰ্ত চিনাক্ত কৰাৰ বাবে বাকী আধা অংশ যৌথভাৱে ফিলিপ আঘিয়ন আৰু পিটাৰ হাউইটক সৃষ্টিশীল ধ্বংসৰ জৰিয়তে স্থায়ী বৃদ্ধিৰ তত্ত্বৰ বাবে” দিয়া হ’ব।













