২০০১ চনৰ ১৩ ডিচেম্বৰত ভাৰতৰ সংসদ ভৱনত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদসকলক আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণন লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, দলৰ জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰা আদিৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, জিতেন্দ্ৰ সিং আৰু অৰ্জুন ৰাম মেঘৱালেও শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পাঁচজন সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটি কৰিছিল যদিও সংসদ নিৰাপত্তা সেৱা, চি আৰ পি এফ আৰু দিল্লী আৰক্ষীৰ কৰ্মীসকলে এই আক্ৰমণ বিফল কৰাৰ ফলত কোনো সন্ত্ৰাসবাদীয়ে সংসদ ভৱনত প্ৰৱেশ কৰিবলৈ অসফল হৈছিল।













