জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত শিল্পীগৰাকীৰ নশ্বৰ দেহ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ভিআইপি প্ৰস্থানৰ জৰিয়তে ফুলৰ সজ্জিত এম্বুলেন্সত মৃতদেহ বাহিৰলৈ উলিয়াই অনা হয়। গুণমুগ্ধসকলৰ জনসমুদ্ৰৰ মাজেৰে কাহিলীপাৰাৰ ঘৰলৈ লৈ আনি থকা হৈছে। কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ কাহিলীপাৰাৰ বাসগৃহত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।













