যোৱা ৬ নৱেম্বৰ ২০২৫ ত সৰল মনা কিন্তু জীৱনৰ বিভিন্ন দিশৰ বিশ্লেষণ কৰিবলৈ এক গভীৰৰতা নিজৰ সৃজনীশীল কৰ্মৰে সফল হোৱা অসমৰ সুযোগ্য সন্তান জুবিন গাৰ্গৰ অন্তিম চিনেমাখন তেজপুৰৰ আই এম পি চিনেমা গৃহত সমূহ পঞ্চায়ত প্ৰতিনিধিৰ সৈতে উপভোগ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই চিনেমাখনে অসমৰ সকলো প্ৰজন্মৰ ব্যক্তিক চলচ্চিত্ৰ উপভোগ কৰাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰাৰ লগতে এখন অসমীয়া ভাষাৰ চিনেমাই যে বাণিজ্যিক সফলতা লাভ কৰিব পাৰে প্ৰমাণিত কৰিলে। আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী জুবিন গাৰ্গৰ সৈতে কন্যকাৰ প্ৰাংগনত লাভ কৰা সান্নিধ্যৰ স্মৃতি সুঁৱৰি আবেগিক হৈ পৰে বিধায়ক পদ্ম হাজৰিকা।শিল্পীসকল নিজৰ সৃষ্টিৰাজিৰ মাজেৰে মানুহৰ মাজত সদায় জীয়াই থাকে; আমাৰ আদৰৰ জুবিন গাৰ্গো ইয়াৰ ব্যতিক্ৰম নহয় বুলি বিধায়ক গৰাকীয়ে মত প্ৰকাশ কৰে। শিল্পীগৰাকীয়ে য’তেই আছে তেখেতৰ বিদেহী আত্মাই যেন শান্তি লাভ কৰে তাকেই কামনা কৰে বিধায়ক পদ্ম হাজৰিকাই।













