ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নদুৱাৰ সমজিলা প্ৰশাসনৰ সহযোগত জামুগুৰিহাটৰ বাৰেচহৰীয়া প্ৰকল্পতো যোৱা ৫ নবেম্বৰ ২০২৫ ত বৰেণ্য কণ্ঠশিল্পী ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ লগতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অসমৰ সাংস্কৃতিক জগতখনলৈ থকা অৱদানসমূহৰ ওপৰত আলোকপাত কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই অনুষ্ঠানত নদুৱাৰ সমজিলাৰ সমআয়ুক্ত মানস শইকীয়া, শোণিতপুৰ জিলাৰ জিলা পৰিষদৰ উপ সভাপতি হিতেশ বৰুৱা, জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লৱীতা শৰ্মা মহন্ত, জামুগুৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জীৱন বৰাৰ, পানপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিশ্ব হাজৰিকা প্ৰমুখ্যে কৰি কণ-কণ শিশু সকল, আৰু অভিভাৱকসকল উপস্থিত থাকে।













