Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ২৪ নবেম্বৰত লাচিত দিৱস উপলক্ষে কন্যকাৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত অসম বুক অৱ ৰেকৰ্ডচৰ মঞ্চত অনন্য কৃতিত্ব।
অসম

যোৱা ২৪ নবেম্বৰত লাচিত দিৱস উপলক্ষে কন্যকাৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত অসম বুক অৱ ৰেকৰ্ডচৰ মঞ্চত অনন্য কৃতিত্ব।

Email :15

অসমৰ শৌৰ্য্য-বীৰ্য্য আৰু সাহসৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ গৌৰৱময় ইতিহাস স্মৰণ কৰি যোৱা ২৪ নবেম্বৰত ভৰলীপৰীয়া কন্যকা বহুমুখী পাম আৰু নদুৱাৰবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত হোৱা “লাচিত দিৱস” উপলক্ষে হাজাৰ-হাজাৰ অসমীয়াৰ জয় আই অসম ধ্বনিৰে মুখৰিত হৈ উঠিল ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ পকামূৰা পথাৰ৷ ১২০০ৰো অধিক তেজাল অসমীয়া ডেকাই হেংদাং হাতত লৈ পৰম্পৰাগত পোছাক পৰিধানেৰে নব্বৈ ফুট দৈৰ্ঘ্যৰ নাওত আৰোহণ কৰি উলিওৱা শোভাযাত্ৰাৰ উদ্দেশ্য আছিল মহাবীৰ লাচিতৰ ৪০৩ তম জন্ম জয়ন্তী উপলক্ষে কন্যকা আৰু নদুৱাৰবাসীৰ সহযোগিতাত অসম বুক অৱ ৰেকৰ্ডচৰ মঞ্চত মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বক যাউতিযুগীয়া কৰি তোলা। চতিয়াৰ মুক্তিযোদ্ধা ভূমিধৰ বৰদলৈ সোঁৱৰণী ষ্টেডিয়ামত যোৱা ২৪ নবেম্বৰত বাৰেচহৰীয়া ভাওনা কমিটীৰ সভাপতি ভৱ গোস্বামী ডাঙৰীয়াসহ ৪০ জনকৈ বয়োজেষ্ঠৰ আশীষ গ্ৰহণেৰে অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰি পকামূৰা পথাৰলৈকে শোভাযাত্ৰা কৰা হয় ৷ পকামূৰা পথাৰত উপস্থিত হৈ পবিত্ৰ হেংদাঙক সাক্ষী ৰাখি অসম মাতৃৰ কল্যাণৰ হকে সদায় কাম কৰি যোৱাৰ বাবে সকলোৱে সংকল্প গ্ৰহণ কৰে।শোণিতপুৰ জিলাৰ আয়ুক্ত শ্ৰীযুত আনন্দ কুমাৰ দাস ডাঙৰীয়াৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল আৰু অসম বুক অৱ ৰেকৰ্ডচৰ প্ৰতিনিধিসকলৰ লগতে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকায়েও কাৰ্যসূচীত উপস্থিত থাকে।বিশিষ্ট শৰীৰচৰ্চাবিদ মহাদেৱ ডেকা, বিজিত গগৈ আৰু পংকজ বৰা ডাঙৰীয়াই আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি “লাচিত দিৱস“ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।২০২৫ বৰ্ষৰ মহিলা বিশ্বকাপ ক্ৰিকেটৰ খিতাপ জয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম সদস্য অসমৰ জীয়ৰী উমা চেত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰি নামেৰী চাহ উদ্যোগ পৰিয়ালে ৫ লাখ টকাৰ চেক প্ৰদান কৰে ৷ লাচিত বৰফুকনৰ আদৰ্শ বুকুত বান্ধি সদায় অসমী আইৰ কল্যাণৰ হকে কাম কৰি যোৱাৰ প্ৰেৰণা আৰু উৎসাহ ৰাইজৰ পৰা লাভ কৰা বুলি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই উল্লেখ কৰি সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। এই সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো অংশগ্ৰহণকাৰীকো বিধায়কগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts