Email :14
থ্ৰী ইডিটছ চিনেমাত নিজৰ বলিষ্ঠ অভিনয় আৰু প্ৰসিদ্ধ সংলাপ ‘কহনা ক্যা চাহতে হোৰ’ দ্বাৰা দৰ্শকক আপ্লুত কৰা অচ্যুত পটদাৰে যোৱা ১৮ আগষ্টত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯১ বছৰ। তেখেতে ১২৫ খন বোলছবিত অভিনয়েৰে নিজৰ দক্ষতাৰ পৰিচয় দি থৈ গৈছে। ভাৰতীয় সেনাবাহিনীত তেখেতে সেৱা আগবঢ়োৱাৰ উপৰি ইণ্ডিয়ান অইল কোম্পানীতো কৰ্মৰত আছিল।