সামাজিক মাধ্যমত দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰৰোচনামূলক মন্তব্য কৰা বাবে অসম আৰক্ষীৰ তৎপৰতাত সোমবাৰে ছয়জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীৰ সক্ৰিয়তাত পুনৰ ৰফিজুল আলী (বঙাইগাঁও), ফৰিদ উদ্দিন লস্কৰ (হাইলাকান্দি), ইনামুল ইছলাম (লখিমপুৰ), ফিৰুজ আহমেদ ওৰফে পাপন (লখিমপুৰ), শ্বাহিল শোমান ছিকদাৰ ওৰফে শ্বাহিদুল ইছলাম (বৰপেটা), ৰকিবুল চুলতান (বৰপেটা), নাছিম আক্ৰাম (হোজাই), তাছলিম আহমেদ (কামৰূপ), আৰু আব্দুৰ ৰোহিম মোল্লা ওৰফে বাপ্পী হুছেইন (দক্ষিণ ছালমাৰা) নামৰ আন কেইজনমান লোকক একেই গোচৰত আটক কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা ১৫ জন লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।













