অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলা সবলীকৰণ তথা উদ্যমিতা এই দিশত বিশেষ গুৰুত্ব প্ৰদান কৰি আৰম্ভ কৰিছিল ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি’। এই আঁচনিৰ মূল লক্ষ্য হৈছে আৰ্থিক সাহাৰ্য আগবঢ়াই মহিলাসকলক স্বাৱলম্বী হ’বলৈ সহায় কৰা। এই উপলক্ষ্যে আজি বিশ্বনাথৰ কলেজ খেলপথাৰত এক কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৩৮,০০০ মহিলাক উদ্যমিতা তথা স্বাৱলম্বিতাৰ বাটেৰে আগুৱাই নিয়া আত্মসহায়ক গোটৰ প্ৰতিগৰাকীলৈ ১০,০০০/- টকাৰ চেক আগবঢ়াই অনুপ্ৰাণিত কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই দূৰদৰ্শী আঁচনিয়ে মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ সফল হ’ব বুলি আশা কৰিব পাৰি।













