Email :36
ৰাষ্ট্ৰীয় তদন্ত সংস্থাই ৫ জন ব্যক্তিৰ বিৰুদ্ধে মিজোৰামত নিষিদ্ধ অস্ত্ৰ আৰু গোলা-বাৰুদৰ বৃহৎ ভঁৰাল জব্দ কৰাৰ গোচৰত অভিযোগনামা দাখিল কৰে। বাংলাদেশৰ চট্টাগং অঞ্চলত অৱস্থিত উগ্ৰপন্থী সংগঠন ইউনাইটেড পিপলছ ডেম’ক্ৰেটিক ফ্ৰণ্ট (ইউ পি ডি এফ)ক যোগান ধৰাৰ বাবে লোৱা বুলি অভিযোগ কৰা হৈছে। লালবিয়াকচুংগা ওৰফে ডিভিড ওৰফে ডেভিদ, লালথামচেউভা ওৰফে থাউমা, মালছোৱামা ওৰফে মালছোৱামা লঞ্চেউ, ৰুৱালিয়ানছাংগা ওৰফে চাংগা আৰু আলোক বিকাশ চাকমাৰ বিৰুদ্ধে আইজলৰ বিশেষ আদালতত চাৰ্জশ্বীট দিয়া হৈছে।