আজিৰ “মন কী বাত” অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খাদ্য উৎপাদন, মৌ পালন, ভাৰতীয় খেলুৱৈৰ ক্ৰীড়া ক্ষেত্ৰত সফলতা, শীতকালত ভাৰতৰ পৰ্যটনৰ সম্ভাৱনা আদি বিভিন্ন বিষয়ত আলোকপাত কৰে। ভাৰতত মৌ পালকসকলে উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত যি সফলতা লাভ কৰিছে তাক উল্লেখ কৰি কয় যে মৌৰ ৰপ্তানি বৃদ্ধি হৈছে। অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ক্লিফ মৌ চিকাৰ সম্প্ৰদায় খিয়ামনিউংগান জনগোষ্ঠী (Khiamniungan tribe) ৰ প্ৰচেষ্টাকো প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। ভাৰতীয় ক্ৰিকেট দলে মহিলা বিশ্বকাপ জয়ী কৰাৰ লগতে ১ম মহিলা টি-২০ বিশ্বকাপ ২০২৫ (ক্ৰিকেট ফৰ দ্য ব্লাইণ্ড) ত ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ বিজয় আশাৰ বতৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে। উত্তৰাখণ্ডই দেশত শীতকালীন পৰ্যটন জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত যি ইতিবাচক ভূমিকা লৈছে তাৰো শলাগ লয়।













