১৭ ডিচেম্বৰত তামেংলং জিলা সদৰৰ মিনি ষ্টেডিয়ামত ১৮ সংখ্যক ৰাজ্যিক পৰ্যায়ৰ কমলা মহোৎসৱ ২০২৫ উদ্বোধন কৰি ৰাজ্যপালগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত সদৰি কৰে যে ২০১৭ চনত ভৌগোলিক সূচক (জি আই) টেগ লাভ কৰা টামেংলং কমলাই মণিপুৰৰ মুঠ কমলা উৎপাদনৰ ৫০% ৰ অধিক অৰিহণা যোগাই আহিছে। জৈৱিক খেতিৰ বৃদ্ধিৰ লগে লগে স্থানীয় কৃষকৰ বাবে আয়ৰ এক প্ৰধান উৎস লৈ ৰূপান্তৰিত হৈছে টামেংলং কমলা। এই কমলা উৎসৱত জেমে আৰু ৰংমেই জনগোষ্ঠীৰ লোকনৃত্য প্ৰদৰ্শন কৰা সাংস্কৃতিক পৰিবেশন, আৰু ৰংমেই, লিয়াংমাই, জেমে আৰু ইনপুই সম্প্ৰদায়ৰ সদস্যসকলক লৈ টাগ অৱ ৱাৰ অনুষ্ঠিত হয়।













