২৭ নবেম্বৰ তাৰিখে ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট বিক্ৰম-আই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰাৰ লগে-লগে এক নতুন ইতিহাসৰ সূচনা হ’ল। ব্যক্তিগতভাৱে নিৰ্মিত এই প্ৰথমখন কক্ষপথ উৎক্ষেপণ বাহনৰ এক বৈশিষ্ট্য হৈছে একেটা উৎক্ষেপণতে একাধিক উপগ্ৰহ কক্ষপথত স্থাপন কৰাৰ ক্ষমতা। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ বক্তব্যত প্ৰকাশ কৰে যে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ যি সামৰ্থ্য আছে সেয়া বিশ্বৰ কম সংখ্যক ৰাষ্ট্ৰৰহে আছে। যোৱা ছয়-সাত বছৰত ভাৰতে নিজৰ মহাকাশ খণ্ডক মুকলি, সহযোগিতামূলক আৰু উদ্ভাৱন-চালিত পৰিৱেশ তন্ত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ সফল হৈছে।













