Email :37
যোৱা ৭ জুলাইত কোকৰাঝাৰৰ উপায়ুক্ত কাৰ্যালয়ত ৫টা বিধানসভা সমষ্টি- কোকৰাঝাৰ, বাউখুংৰি, দোটমা, গোসাইগাঁও আৰু পৰ্বতঝোৰাৰ কল্যাণমূলক আঁচনিৰ মূল্যায়নৰ বাবে অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ সভাপতিত্ব কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় ৩.০, মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্রীৰ আত্মনির্ভৰ অসম অভিযান (চিএমএএএ) আৰু এটি কলি দুটি পাটৰ সফল ৰূপায়ণৰ বাবে জিলাখনৰ প্ৰস্তুতিৰ এক আভাষ লʼবলৈ প্ৰয়াস কৰে।