Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • নাগালেণ্ড
  • নাগালেণ্ড বিশ্ববিদ্যালয়ৰ অৰুণাচল তথা ছিকিমৰ দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে গৱেষণাৰ পৰিকল্পনা।
নাগালেণ্ড

নাগালেণ্ড বিশ্ববিদ্যালয়ৰ অৰুণাচল তথা ছিকিমৰ দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে গৱেষণাৰ পৰিকল্পনা।

Email :22

নাগালেণ্ড বিশ্ববিদ্যালয়ে ছিকিম আৰু অৰুণাচলৰ হিমালয়ৰ উচ্চ উচ্চতাত থকা হ্ৰদৰ তথ্যসমূহ আৰু স্থিৰতা মূল্যায়ন কৰিবলৈ এক প্ৰকল্পৰ নেতৃত্ব আৰম্ভ কৰিছে। টেনবাৱা হ্ৰদৰ পৰা অহা হিমবাহৰ হ্ৰদৰ বিস্ফোৰণ বানপানী (জি এল অ’ এফ) আৰু ছিকিমৰ হ’ল’চিন জলবায়ুৰ মাজত থাকিব পৰা সম্ভাৱ্য সংযোগৰ লগতে অৰুণাচল প্ৰদেশৰ আন দুটা হিমবাহৰ হ্ৰদৰ মূল্যায়নৰ বাবেও প্ৰস্তুতি চলোৱা হৈছে। গৱেষকসকলে উচ্চ ৰিজ’লিউচন তথ্য ব্যৱহাৰ কৰি ‘সম্ভাৱ্য বিপজ্জনক হিমবাহৰ হ্ৰদ’ চিনাক্ত কৰি অৰুণাচল প্ৰদেশৰ টাৱাং অঞ্চল আৰু উত্তৰ ছিকিমৰ লাচুং অৱবাহিকাত দুটা পৃথক প্ৰকল্পৰ অধীনত ভূ-ৰূপবিজ্ঞান, পাৰ্মাফ্ৰষ্ট আৰু ঢালৰ অস্থিৰতা বিশ্লেষণ কৰাৰ পৰিকল্পনা কৰিছে। এই গৱেষণাৰ ফলাফলসমূহ নীতি নিৰ্ধাৰক, পৰিকল্পনাকাৰী আদিৰ সৈতে আলোচনা কৰা হʼব যাতে নৈ আৰু নদীৰ পাৰৰ এক সামগ্ৰিক উন্নয়নৰ বাবে ‘হিমবাহৰ হ্ৰদ বিস্ফোৰণ বানপানী’ৰ ফলত হোৱা ধ্বংসলীলাৰ প্ৰভাৱ কম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts