কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত শিলডুবি জলাশয়ে কাছ সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আজি এই জলাশয়লৈ গৈ এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ, শ্ৰী শ্ৰী নাগশংকৰ দেৱালয় সমিতি আৰু টার্টল ছাৰ্ভাইভেল এলায়েন্স (টি-এছ-এ) যৌথ উদ্যোগত বিভিন্ন বিষয়াৰ উপস্থিতিত ১১০ টা কাছ পোৱালি শিলডুবি জলাশয়ত মুকলি কৰি দিয়ে বিধায়কগৰাকীয়ে। তেখেতে নিজৰ বক্তব্যত প্ৰকাশ কৰে যে কাছৰ বিভিন্ন প্ৰজাতিৰ সংৰক্ষণৰ বাবে সকলোৰে মাজত আমি এক সচেতনতা সৃষ্টি কৰিব লাগিব। আজিৰ কাৰ্যসূচীৰ সকলো উদ্যোগতাৰ প্ৰচেষ্টাক বিধায়কগৰাকীয়ে প্ৰশংসা কৰে।













