জগদ্ধাত্ৰী হৈছে মা পাৰ্বতীৰ এক ৰূপ যি নিজৰ যোগ শক্তিৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ডক ধাৰণ কৰে বুলি হিন্দু ধৰ্মাৱলম্বীসকলৰ মাজত গভীৰ বিশ্বাস আছে। আজি নদুৱাৰ বিধানসভা সমষ্টিৰ বামুণবাৰী আৰু দিকৰাইগুৰি গাঁৱত উদযাপিত শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাত উপস্থিত হৈ এগছি বন্তি জ্বলাই ভক্তিভাৱেৰে সেৱা জনালে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। বিধায়কগৰাকীয়ে মা জগদ্ধাত্ৰীৰ ওচৰত সমষ্টিবাসীৰ লগতে সমগ্ৰ বিশ্ববাসীৰ মংগল কামনা কৰে।













