আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় ৩.০ আঁচনিৰ শুভ উদ্বোধন কাৰ্যসূচীত নিজৰ ব্যক্তব্য প্ৰকাশ কৰি এই আঁচনি ১৭ চেপ্তেম্বৰত আৰম্ভ হ’বলগীয়া আছিল যদিও অক্টোবৰ মাহত আৰম্ভ হ’ল। চেপ্তেম্বৰ মাহত যিটো ধন হিতাধিকাৰীসকলৰ প্ৰাপ্য আছিল, সেইটোৰ সৈতে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত এক বিশেষ উপহাৰ আগবঢ়োৱা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে । ইয়াৰ লগত সংগতি ৰাখি নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ ১০৯ নং পাটলৰচুক বুথট অৰুণোদয় ৩.০ শুভ উন্মোচনী অনুষ্ঠানত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অংশগ্ৰহণ কৰে।













